নগাঁৱৰ ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ
ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী
নগাঁৱৰ ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । চামগুৰি সমষ্টিত এইবাৰৰ উপ নিৰ্বাচনত মুঠ ১,৮০,৪৪৮ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰে ৯১,৩০৪ গৰাকী পুৰুষ ভোটাৰ, ৮৯,১৩৩ গৰাকী মহিলা আৰু ১১ গৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ আছে । চামগুৰি বিধানসভা সমষ্টিত ১৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰত এইবাৰৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হব । চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ১১ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে । সমষ্টিটোত মুঠ ৮৮৮ গৰাকী প্ৰিজাইডিং আৰু পুলিং অফিচাৰ নিয়োগ কৰা হৈছে । ইয়াৰোপৰি ৭২ গৰাকী মাইক্ৰ' অবজাৰভাৰ, ১২ গৰাকী জ'নেল অফিচাৰ আৰু ২৭ গৰাকী ছেক্টৰ অফিচাৰো নিয়োগো কৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।
ভাষ্য - জিলা আয়ুক্ত
(নৰেন্দ্ৰ কুমাৰ শ্বাহ)

Category
🗞
News