মাজুলী: প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য় । বিগত কেইবাদিন ধৰি ৰাজ্য়ৰ কেইবাখনো জিলাত শীতপ্ৰৱাহ অব্য়াহত আছে । পুৱা-গধূলি বহুতেই জুই পুৱাই শীতৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিছে । এই হাড় কঁপোৱা শীতৰ মাজতেই সত্ৰ নগৰীত আহিল শীতৰ প্ৰথম জাক শিলাবৃষ্টি । শুকুলা হৈ পৰিল মাজুলী ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীতো যোৱা নিশা প্ৰচণ্ড শিল-বৰষুণ হয় । শীতৰ প্ৰথম জাক শিলাবৃষ্টিয়ে মাজুলীৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে । নিশাৰ ভাগত অহা শিল-বৰষুণৰ বাবে কামত বাহিৰলৈ ওলাই অহা লোকসকল বিভিন্ন স্থানত আবদ্ধ হৈ পৰে । এই শিল-বৰষুণত খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন হৈছে । প্ৰচণ্ড শিল-বৰষুণত মাজুলীৰ বিভিন্ন অঞ্চলৰ পথ সমূহ,মানুহৰ ঘৰৰ চোতালসমূহ বগা হৈ পৰে । লগে লগে নামি আহে প্ৰচণ্ড শীত ।লগতে পঢ়ক:ৰাজ্যত বৃদ্ধি শীতৰ প্ৰকোপ: ব্যাহত স্বাভাৱিক জনজীৱন - COLD WAVE IN ASSAMঘন কুঁৱলীৰ বাবে বৰলুইতত আবদ্ধ যাত্ৰীবাহী ফেৰী - FERRY STRANDED IN DHUBRI
Category
🗞
NewsTranscript
00:00I'm going to go ahead and do a quick test run to see what it's like to fly a drone.
00:07I'm going to go ahead and do a quick test run to see what it's like to fly a drone.
00:12I'm going to go ahead and do a quick test run to see what it's like to fly a drone.
00:24Applause
00:50Applause
01:15Applause
01:28Applause
01:54Applause